Product SiteDocumentation Site

Red Hat Enterprise Linux 6

Release Notes

Red Hat Enterprise Linux 6.3 ৰ বাবে উন্মোচন টোকাসমূহ

Edition 3


Legal Notice

Copyright © 2012 Red Hat, Inc.
The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
Java® is a registered trademark of Oracle and/or its affiliates.
XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.
All other trademarks are the property of their respective owners.


1801 Varsity Drive
 RaleighNC 27606-2072 USA
 Phone: +1 919 754 3700
 Phone: 888 733 4281
 Fax: +1 919 754 3701

Abstract
উন্মোচন টোকাসমূহে Red Hat Enterprise Linux 6.3 ত প্ৰণয়ন হোৱা উন্নয়ন আৰু যোগসমূহৰ উচ্চ স্তৰৰ সামৰনী প্ৰদান কৰে। Red Hat Enterprise Linux ত 6.3 আপডেইটৰ কাৰণে হোৱা সকলো পৰিৱৰ্তনৰ বিৱৰিত তথ্যচিত্ৰৰ কাৰণে, কাৰিকৰী টোকাসমূহ চাওক।

পাতনি
1. কাৰনেল
2. ডিভাইচ ড্ৰাইভাৰসমূহ
3. নেটৱাৰ্কিং
4. সম্পদ ব্যৱস্থাপনা
5. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্যকৰীতা
6. এন্টাইটেলমেন্ট
7. ভাৰছুৱেলাইজেষণ
7.1. KVM
7.2. SPICE
7.3. libvirt
8. থুপ খোৱা উচ্চ উপলব্ধতা
9. সংৰক্ষণ
10. সাধাৰণ আপডেইটসমূহ
A. পুনৰীক্ষণৰ ইতিহাস

পাতনি

Red Hat Enterprise Linux গৌণ উন্মোচনসমূহ সুকীয়া সম্প্ৰসাৰণ, সুৰক্ষা আৰু বাগ ঠিক কৰা এৰাটাৰ এটা সংযুক্তি। Red Hat Enterprise Linux 6.3 উন্মোচন টোকাসমূহে এই গৌণ উন্মোচনৰ বাবে Red Hat Enterprise Linux 6 অপাৰেটিং চিস্টেম আৰু ইয়াৰ আনুষংগিক অনুপ্ৰয়োগসমূহলে কৰা মুখ্য পৰিৱৰ্তনসমূহ দেখুৱায়। এই গৌণ উন্মোচনত হোৱা সকলো পৰিৱৰ্তন (যেনে, ঠিক কৰা বাগসমূহ, যোগ কৰা সম্প্ৰসাৰণসমূহ, আৰু বিচাৰি পোৱা জ্ঞাত সমস্যাসমূহ) ৰ বিৱৰীত টোকাসমূহ কাৰিকৰী টোকাসমূহ ত পাব। কাৰিকৰী টোকাসমূহ দস্তাবেজে বৰ্তমানে উপলব্ধ সকলো প্ৰযুক্তি পূৰ্বদৰ্শন লগতে সিহতক প্ৰদান কৰা সকলো পেকেইজৰ এটা সম্পূৰ্ণ তালিকা অন্তৰ্ভুক্ত কৰে।

গুৰুত্বপূৰ্ণ

অনলাইন Red Hat Enterprise Linux 6.3 Release Notes, যি ইয়াত অনলাইন অৱস্থিত, সিহতক বিৱৰিত, বৰ্তমান-তাৰিখলে-উন্নত সংস্কৰণ বুলি ধৰিব লাগিব। উন্মোচনৰ বিষয়ে প্ৰশ্ন থকা গ্ৰাহকসমূহক সিহতৰ Red Hat Enterprise Linux সংস্কৰণৰ বাবে অনলাইন উন্মোচন আৰু কাৰিকৰী টোকাসমূহ চোৱাৰ উপদেশ দিয়া হৈছে।
আপোনাক Red Hat Enterprise Linux জীৱন চক্ৰৰ বিষয়ে তথ্যৰ প্ৰয়োজন হলে, https://access.redhat.com/support/policy/updates/errata/ চাওক।

Chapter 1. কাৰনেল

পাতল-যোগান আৰু স্কেলেবুল স্নেপশ্বট ক্ষমতা
dm-thinp লক্ষ্যবোৰ, thin আৰু thin-pool এ, পাতল-যোগান আৰু স্কেলেবুল ক্ষমতাসমূহৰ সৈতে এটা ডিভাইচ-মেপাৰ ডিভাইচ প্ৰদান কৰে। এই বৈশিষ্ট এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উপলব্ধ। নতুনকে-উন্মোচন কৰা LVM পাতল যোগানৰ বিষয়ে অধিক তথ্যৰ বাবে, Chapter 9, সংৰক্ষণ চাওক।
sysfs mbox আন্তঃপৃষ্ঠ স্খলিত
lpfc ড্ৰাইভাৰে sysfs mbox আন্তঃপৃষ্ঠ স্খলিত কৰি আছে যিহেতু ইয়াক আৰু Emulex সঁজুলিসমূহ দ্বাৰা ব্যৱহাৰ কৰা নহয়। পঢ়া আৰু লিখা কাৰ্য্যসমূহ এতিয়া স্টাব্ড আউট আৰু কেৱল -EPERM (কাৰ্য্যৰ অনুমতি নাই) চিহ্ন ঘুৰাই দিয়ে।
সমৰ্থিত Kdump লক্ষ্যবোৰ
সমৰ্থিত Kdump লক্ষ্যবোৰ (মানে, লক্ষ্যবোৰ যাক kdump এ এটা vmcore ক ডাম্প কৰিবলে ব্যৱহাৰ কৰিব পাৰে) ৰ এটা সম্পূৰ্ণ তালিকাৰ বাবে, নিম্নলিখিত Kbase অধ্যায়: https://access.redhat.com/knowledge/articles/41534 চাওক।
অতিৰিক্ত মাউন্ট বিকল্পসমূহৰ বাবে সমৰ্থন
Red Hat Enterprise Linux 6.3 এ /proc/<PID>/ ডাইৰেকটৰিসমূহলে অভিগম প্ৰতিৰোধ কৰিবলে মাউন্ট বিকল্পসমূহৰ বাবে সমৰ্থন যোগ কৰে। নতুন বিকল্পসমূহৰ এটাক hidepid= কোৱা হয় আৰু ইয়াৰ মানে প্ৰক্ৰিয়াসমূহৰ বিষয়ে কিমান তথ্য গৰাকী-নহোৱা সমূহলে প্ৰদান কৰে তাৰ বিৱৰণ দিয়ে। gid= বিকল্পয় এটা দল যি সকলো প্ৰক্ৰিয়াৰ বিষয়ে তথ্য সংগ্ৰহ কৰে তাৰ বিৱৰণ দিয়ে। ভৰষাহিন ব্যৱহাৰকাৰীসমূহ, যিসকলক সম্পূৰ্ণ চিস্টেমৰ কাৰ্য্য পৰ্যবেক্ষণ কৰাৰ অনুমতি নাই, সেইসকলক দললে যোগ কৰা হব নালাগে।
O_DIRECT ফ্লেগ সমৰ্থন
FUSE (ব্যৱহাৰকাৰীস্থানত থকা নথিপত্ৰ প্ৰণালী) ৰ নথিপত্ৰসমূহৰ বাবে O_DIRECT ফ্লেগৰ সমৰ্থন যোগ কৰা হৈছে। এই ফ্লেগে এটা নথিপত্ৰ নিৰ্মাণ কৰিবলে I/O ৰ ক্যাশ প্ৰভাৱসমূহ কম কৰে। সাধাৰণত, এই ফ্লেগ ব্যৱহাৰ কৰিলে পৰিৱেশন স্খলিত হয়, কিন্তু ই বিশেষ পৰিস্থিতিত উপযোগী, যেনে যেতিয়া অনুপ্ৰয়োগসমূহে সিহতৰ নিজস্ব ক্যাশিং কৰে।
PowerPC ত CONFIG_STRICT_DEVMEM সামৰ্থবান
Red Hat Enterprise Linux 6.3 ত, CONFIG_STRICT_DEVMEM সংৰূপ বিকল্প PowerPC স্থাপত্যৰ বাবে অবিকল্পিতভাৱে সামৰ্থবান। এই বিকল্পয় /dev/mem ডিভাইচলে অভিগম প্ৰতিৰোধ কৰে। যদি এই বিকল্প অসামৰ্থবান থাকে, সকলো মেমৰিলে ব্যৱহাৰকাৰীস্থান অভিগমৰ অনুমতি নাথাকে, কাৰনেল আৰু ব্যৱহাৰকাৰীস্থান মেমৰি অন্তৰ্ভুক্ত কৰাকৈ, আৰু দুৰ্ঘটনা মেমৰি (লিখন) অভিগম বিভৱীয়ভাৱে ক্ষতিকাৰক হব পাৰে।
CONFIG_HPET_MMAP সামৰ্থবান
Red Hat Enterprise Linux 6.3 ত, এটা ব্যৱহাৰকাৰী প্ৰক্ৰিয়াৰ মেমৰিলে HPET ৰেজিস্টাৰসমূহ পুনৰমেপ কৰাৰ উচ্চ-বিভেদন টাইমাৰৰ ক্ষমতা সামৰ্থবান কৰা হৈছে।
ডাঙৰ চিস্টেমসমূহত উন্নত পৰিৱেশন
সৰ্বমুঠ পৰিৱেশন উন্নত কৰিবলে আৰু অত্যাধিক ডাঙৰ চিস্টেমসমূহত বুট সময় কম কৰিবলে Red Hat Enterprise Linux 6.3 ৰ কাৰনেলত ভালেমান সংখ্যাত পেচ্ প্ৰয়োগ কৰা হৈছে (পেচ্সমূহ ২০৪৮ কেন্দ্ৰ আৰু ১৬ TB মেমৰিৰ এটা চিস্টেমত পৰিক্ষা কৰা হৈছিল)।
rdrand কাৰনেল সমৰ্থন
Intel Core i5 আৰু i7 প্ৰচেছৰসমূহ (পূৰ্বতে গুপ্ত-নাম Ivy Bridge) এ যাদৃচ্ছিক নম্বৰসমূহ সৃজন কৰিবলে এটা নতুন rdrand নিৰ্দেশ সমৰ্থন কৰে। Red Hat Enterprise Linux 6.3 ত দিয়া কাৰনেলে দ্ৰুত যাদৃচ্ছিক নম্বৰ সৃজন প্ৰদান কৰিবলে এই নিৰ্দেশ ব্যৱহাৰ কৰে।
অপৰিৱৰ্তনীয় সংৰক্ষণৰ বাবে UEFI সমৰ্থন
অপৰিৱৰ্তনীয় সংৰক্ষণ (pstore), প্লেটফৰ্ম নিৰ্ভৰশীল অপৰিৱৰ্তনীয় সংৰক্ষণৰ বাবে এটা নথিপত্ৰ চিস্টেম আন্তঃপৃষ্ঠ, এতিয়া UEFI সমৰ্থন কৰে।
CPU পৰিয়াল বিশেষ ধাৰক নথিপত্ৰসমূহ
CPU পৰিয়াল বিশেষ ধাৰক নথিপত্ৰসমূহৰ বাবে সমৰ্থন যোগ কৰা হৈছে। AMD পৰিয়াল 15h প্ৰচেছৰসমূহৰ সৈতে আৰম্ভ কৰি, এটা ধাৰক যেনে microcode_amd_fam15h.bin ক উপৰত বিৱৰণ দিয়া প্ৰচেছৰসমূহৰ পৰিয়ালৰ বাবে ল'ড কৰা হয়।
USB 3.0 সমৰ্থন
Red Hat Enterprise Linux 6.3 এ সম্পূৰ্ণ USB 3.0 সমৰ্থন অন্তৰ্ভুক্ত কৰে।
IBM System z ৰ বাবে kdump/kexec কাৰনেল ডাম্পিং পদ্ধতি
Red Hat Enterprise Linux 6.3 ত, kdump/kexec কাৰনেল ডাম্পিং পদ্ধতিক IBM System z চিস্টেমসমূহৰ বাবে সামৰ্থবান কৰা হৈছে, IBM System z স্টেণ্ড-এলৌন আৰু হাইপাৰভাইছৰ ডাম্পিং পদ্ধতিৰ অতিৰিক্তে। স্ব-সংৰক্ষণ ডেউৰী ৪ Gb ত সংহতি কৰা হৈছে; সেয়েহে, যিকোনো IBM System z চিস্টেম যাৰ ৪ GB ৰ অধিক মেমৰি আছে তাৰ kexec/ kdump পদ্ধতি সামৰ্থবান থাকে।
পৰ্যাপ্ত মেমৰি উপলব্ধ থাকিব লাগিব কাৰণ kdump এ প্ৰায় ১২৮ MB ক অবিকল্পিত হিচাপে সংৰক্ষণ কৰি ৰাখে। ই বিশেষভাৱে Red Hat Enterprise Linux 6.3 লে এটা উন্নয়ন পৰিৱেশন কৰোতে গুৰুত্বপূৰ্ণ। এটা চিস্টেম স্খলনৰ সময়ত ডাম্প সংৰক্ষণ কৰিবলে পৰ্যাপ্ত ডিস্ক স্থান উপলব্ধ থাকিব লাগিব। Kdump ক DASD অথবা QETH নেটৱাৰ্কসমূহলে ডাম্প ডিভাইচ হিচাপে সীমিত কৰা হয় যেতিয়ালৈকে SCSI ডিস্কত kdump সমৰ্থিত।
kdump আৰম্ভ কৰোতে নিম্নলিখিত সতৰ্ক বাৰ্তা উপস্থিত হব পাৰে:
...এনেধৰণৰ কোনো নথিপত্ৰ অথবা ডাইৰেকটৰি নাই
এই বাৰ্তায় ডাম্প কাৰ্য্যকৰীতাক প্ৰভাৱ নেপেলায় আৰু উপেক্ষা কৰিব পাৰি। আপুনি kdump ক /etc/kdump.conf, system-config-kdump, অথবা firstboot ৰ সহায়ত সংৰূপণ অথবা অসামৰ্থবান কৰিব পাৰিব।
ftrace ৰ বাবে মডিউল-অভিগম্য আন্তঃপৃষ্ঠ
ftrace ফলন অনুকৰকে এতিয়া মডিউলসমূহ আৰু সকলো ব্যৱহাৰকাৰীসমূহক ftrace ফলন অনুকৰণ সঁজুলি ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে। অধিক তথ্যৰ বাবে, নিম্নলিখিত man পৃষ্ঠাসমূহ চাওক:
man trace-cmd-record
man trace-cmd-stack
বহু-থ্ৰেড প্ৰক্ৰিয়াসমূহ অনুকৰণ কৰা
যেতিয়া এটাতকে বেছি থ্ৰেডৰ সৈতে প্ৰক্ৰিয়াসমূহ অনুকৰণ কৰা হয়, ltrace সঁজুলিয়ে এ মূখ্য থ্ৰেডৰ বাহিৰে অন্য থ্ৰেডসমূহ অনুকৰণ কৰা উপেক্ষা কৰে। কিন্তু যিহেতু থ্ৰেডসমূহে ঠিকনা স্থান অংশীদাৰী কৰে, সেই অন্য থ্ৰেডসমূহে তথাপিও ltrace দ্বাৰা বিতৰণ কৰা ভগ্নবিন্দুসমূহ দেখা পাব। ফলস্বৰূপ, সেই থ্ৰেডসমূহ এটা SIGTRAP সংকেত দ্বাৰা মাৰি পেলোৱা হব। Red Hat Enterprise Linux 6.3 এ থ্ৰেড-সচেনতা আৰু ভগ্নবিন্দু ব্যৱস্থাপনা পদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰে। বহু-থ্ৰেড প্ৰক্ৰিয়াসমূহ অনুকৰণ কৰিবলে সমৰ্থন এতিয়া এটা-থ্ৰেড প্ৰক্ৰিয়া অনুকৰণ কৰাৰ সৈতে সাম্য।
ক্ৰশ মেমৰি সংলঘ্ন
ক্ৰশ মেমৰি সংলঘ্নয় অন্তঃ-ন'ড আন্তঃ-প্ৰক্ৰিয়া সংযোগৰ বাবে প্ৰয়োজনীয় তথ্য কপিসমূহৰ সংখ্যা কম কৰিবলে এটা পদ্ধতি প্ৰদান কৰে। বিশেষভাৱে, ই অন্তঃ-ন'ড সংযোগ কৰি থকা MPI লাইব্ৰেৰীসমূহক অংশীদাৰী মেমৰিৰ সহায়ত বাৰ্তাৰ দুটা কপি কৰাৰ পৰিৱৰ্তে বাৰ্তাৰ এটা কপি কৰাৰ অনুমতি দিয়ে। এই পদ্ধতিক অতিতত একাধিক, অবিকল্প ড্ৰাইভাৰ-ভিত্তিয় প্ৰণয়নসমূহৰ সহায়ত প্ৰণয়ন কৰা হৈছে। Red Hat Enterprise Linux 6.3 ত উন্মোচন কৰা প্ৰণয়নে এই কাৰ্য্যকৰীতাৰ বাবে এটা সাধাৰণ সমাধান প্ৰদান কৰে। অতিৰিক্তভাৱে, ই ডিভাইচ ড্ৰাইভাৰ লিখকসমূহৰ বাবে এবস্ট্ৰেকষণৰ স্তৰ প্ৰদান কৰে যিসকলে এই ফলনসমূহক সিহতৰ প্ৰাসংগিক প্ৰণয়নসমূহ পৰিৱৰ্তন নকৰাকৈ লুন্ঠণ কৰিব বিচাৰে যেতিয়া মেমৰি ব্যৱস্থাপনা উপচিস্টেমত পৰিৱৰ্তন থাকে।
দুটা গ্ৰাফিক কাৰ্ডৰ মাজত অদল বদল কৰিবলে ক্ষমতা যোগ কৰা হৈছে
CONFIG_VGA_SWITCHEROO সংৰূপ বিকল্প এতিয়া দুটা গ্ৰাফিক কাৰ্ডৰ মাজত অদল বদল কৰিবলে অবিকল্পিতভাৱে সামৰ্থবান।

Chapter 2. ডিভাইচ ড্ৰাইভাৰসমূহ

BFA ড্ৰাইভাৰ সম্পূৰ্ণভাৱে সমৰ্থিত
Brocade BFA ফাইবাৰ চেনেল আৰু FCoE ড্ৰাইভাৰ আৰু প্ৰযুক্তি পূৰ্বদৰ্শন হৈ থকা নাই। Red Hat Enterprise Linux 6.3 ত BFA ড্ৰাইভাৰ সম্পূৰ্ণভাৱে সমৰ্থিত।
BNA ড্ৰাইভাৰ সম্পূৰ্ণভাৱে সমৰ্থিত
Brocade 10Gb PCIe ইথাৰনেট নিয়ন্ত্ৰকসমূহৰ বাবে Brocade BNA ড্ৰাইভাৰ এটা প্ৰযুক্তি পূৰ্বদৰ্শন হৈ থকা নাই। Red Hat Enterprise Linux 6.3 ত BNA ড্ৰাইভাৰ সম্পূৰ্ণভাৱে সমৰ্থিত নহয়।
be2net ড্ৰাইভাৰত SR-IOV
Emulex be2net ড্ৰাইভাৰৰ SR-IOV কাৰ্য্যকৰীতাক Red Hat Enterprise Linux 6.3 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন ভৱা হয়। SR-IOV সমৰ্থনৰ শেহতীয়া সংস্কৰণ ব্যৱহাৰ কৰিবলে আপুনি নিম্নলিখিত প্ৰয়োজনীয়তাসমূহ সম্পূৰ্ণ কৰিব লাগিব:
  • আপুনি শেহতীয়া Emulex ফাৰ্মৱেৰ (পুনৰীক্ষণ 4.1.417.0 অথবা পিছৰ) চলাব লাগিব।
  • চাৰ্ভাৰ চিস্টেম BIOS এ SR-IOV কাৰ্য্যকৰীতা সমৰ্থন কৰিব লাগিব আৰু প্ৰত্যক্ষ I/O VT-d ৰ বাবে ভাৰছুৱেলাইজেষণ সমৰ্থন থাকিব লাগিব।
  • আপুনি Red Hat Enterprise Linux 6.3 ৰ GA সংস্কৰণ ব্যৱহাৰ কৰিব লাগিব।
SR-IOV BE3-ভিত্তিয় হাৰ্ডৱেৰৰ সকলো Emulex-ব্ৰেণ্ডেড আৰু OEM অপৰসমূহত চলে, যাৰ সকলোবোৰৰ be2net ড্ৰাইভাৰ চফ্টৱেৰৰ প্ৰয়োজন হয়।
সংৰক্ষণ ড্ৰাইভাৰসমূহ
  • Red Hat Enterprise Linux 6.3 এ mtip32xx ড্ৰাইভাৰ অন্তৰ্ভুক্ত কৰে যি Micron RealSSD P320h PCIe SSD ড্ৰাইভসমূহৰ বাবে সমৰ্থন যোগ কৰে।
  • Emulex ফাইবাৰ চেনেল হস্ট বাচ এডাপ্টাৰসমূহৰ বাবে lpfc ড্ৰাইভাৰক সংস্কৰণ 8.3.5.68.2p লে আপডেইট কৰা হৈছে।
  • mptfusion ড্ৰাইভাৰক সংস্কৰণ 3.04.20 লে আপডেইট কৰা হৈছে।
  • Broadcom Netxtreme II 57712 চিপৰ বাবে bnx2fc ক সংস্কৰণ 1.0.11 লে আপডেইট কৰা হৈছে।
  • QLogic ফাইবাৰ চেনেলৰ HBAs ৰ বাবে qla2xxx ড্ৰাইভাৰক সংস্কৰণ 8.04.00.02.06.3-k লে আপডেইট কৰা হৈছে। Red Hat Enterprise Linux 6.3 ৰ বাবে qla2xxx ড্ৰাইভাৰ আপডেইটে এতিয়া SCSI মধ্য-স্তৰত সাধাৰণ ক'ডৰ সুবিধা লয় যি এটা লক্ষ্য পোৰ্টৰ পৰা ঘুৰাই দিয়া শাৰী-ভৰ্তি অৱস্থা বাৰ্তাসমূহ নিয়ন্ত্ৰণ কৰে। আগতে, এই ক'ড qla2xxx ড্ৰাইভাৰত অৱস্থিত আছিল। API সংগতি অব্যাহত ৰাখিবলে, ql2xqfulltracking আৰু ql2xqfullrampup মডিউল প্ৰাচলসমূহৰ বাবে স্টাবসমূহ ড্ৰাইভাৰত থোৱা হৈছে।
    অতিৰিক্তভাৱে, এই আপডেইটে ISP82xx আৰু ISP83xx ৰ বাবে সমৰ্থন যোগ কৰে, আৰু চলমান লগিং কাৰ্য্যকৰীতা যোগ কৰে।
  • qla4xxxx ক সংস্কৰণ 5.02.00.00.06.03-k1 লে আপডেইট কৰা হৈছে, যি sysfs নথিপত্ৰ প্ৰণালীত port_state, port_speed, আৰু targetalias প্ৰদৰ্শন কৰিবলে সমৰ্থন যোগ কৰে।
  • megaraid ড্ৰাইভাৰক সংস্কৰণ 00.00.06.14-rh1 লে আপডেইট কৰা হৈছে।
  • IBM Power Linux RAID SCSI HBAs ৰ বাবে ipr ড্ৰাইভাৰক SAS VRAID ফলনসমূহ সামৰ্থবান কৰিবলে আপডেইট কৰা হৈছে।
  • cciss ড্ৰাইভাৰক kdump ব্লেকলিস্টলে পুৰনি নিয়ন্ত্ৰকসমূহ যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • hpsa ড্ৰাইভাৰক kdump ব্লেকলিস্টলে পুৰনি নিয়ন্ত্ৰকসমূহ যোগ কৰিবলে সংস্কৰণ 2.0.2-4 লে আপডেইট কৰা হৈছে।
  • Broadcom NetXtreme II iSCSI ৰ বাবে bnx2i ড্ৰাইভাৰক সংস্কৰণ 2.7.2.1 লে আপডেইট কৰা হৈছে।
  • mpt2sas ড্ৰাইভাৰক সংস্কৰণ 12.101.00.00 লে আপডেইট কৰা হৈছে, NUNA I/O সমৰ্থন যোগ কৰাকৈ যি HBAs ৰ বহু-উত্তৰ শাৰী সমৰ্থন ব্যৱহাৰ কৰে।
  • mptsas ড্ৰাইভাৰক নিম্নলিখিত ডিভাইচ ID যোগ কৰিবলে আপডেইট কৰা হৈছে: SAS1068_820XELP
  • Brocade BFA FC SCSI driver (bfa ড্ৰাইভাৰ) ক আপডেইট কৰা হৈছে।
  • ServerEngines BladeEngine 2 মুক্ত iSCSI ডিভাইচসমূহৰ কাৰণে be2iscsi ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • Intel DH89xxCC PCH ৰ বাবে AHCI-mode SATA DeviceID যোগ কৰিবলে ahci.c ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • isci ড্ৰাইভাৰক শেহতীয়া Intel হাৰ্ডৱেৰ সমৰ্থন, সম্প্ৰসাৰনসমূহ, আৰু বাগ ঠিক কৰাসমূহ গ্ৰহণ কৰিবলে সংস্কৰণ 1.1 লে আপডেইট কৰা হৈছে।
  • isci sata ড্ৰাইভাৰক T10 DIF সমৰ্থন যোগ কৰিবলে আপডৈইট কৰা হৈছে।
  • libfc, libfcoe, আৰু fcoe ড্ৰাইভাৰসমূহক বিভিন্ন বাগ ঠিক কৰিবলে আৰু বিভিন্ন সম্প্ৰসাৰন যোগ দিবলে আপডেইট কৰা হৈছে।
  • libsas ড্ৰাইভাৰক আপডেইট কৰা হৈছে।
  • TrueScale HCAs ৰ বাবে qib ড্ৰাইভাৰ উন্নত কৰা হৈছে।
  • libata মডিউলক বিভিন্ন বাগ ঠিক কৰিবলে আপডেইট কৰা হৈছে।
  • md ড্ৰাইভাৰৰ dm-raid ক'ডক ফ্লাশ সমৰ্থন অন্তৰ্ভুক্ত কৰিবলে আপডেইট কৰা হৈছে।
  • নিম্নলিখিত ড্ৰাইভাৰসমূহক শেহতীয়া সংস্কৰণলে আপডেইট কৰা হৈছে: ahci, md/bitmap, raid0, raid1, raid10, আৰু raid456
  • aacraid ড্ৰাইভাৰক সংস্কৰণ 1.1-7[28000] লে আপডেইট কৰা হৈছে।
নেটৱাৰ্ক ড্ৰাইভাৰসমূহ
  • NetXen Multi port (1/10) Gigabit নেটৱাৰ্কৰ বাবে netxen ড্ৰাইভাৰ সংস্কৰণ 4.0.77 অথবা অধিকলে আপডেইট কৰা হৈছে।
  • bnx2x ড্ৰাইভাৰক 578xx চিপসমূহৰ পৰিয়ালৰ বাবে সমৰ্থন অন্তৰ্ভুক্ত কৰিবলে সংস্কৰণ 7.2.16 লে আপডেইট কৰা হৈছে।
  • ServerEngines BladeEngine 2 10Gbps নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে be2net ড্ৰাইভাৰ সংস্কৰণ 4.2.5.0r লে আপডেইট কৰা হৈছে।
  • ixgbevf ড্ৰাইভাৰক শেহতীয়া হাৰ্ডৱেৰ সমৰ্থন, সম্প্ৰসাৰনসমূহ, আৰু বাগ ঠিক কৰাসমূহ অন্তৰ্ভুক্ত কৰিবলে সংস্কৰণ 2.2.0-k লে আপডেইট কৰা হৈছে।
  • Chelsio Terminator4 10G একত্ৰ তাঁৰ নেটৱাৰ্ক নিয়ন্ত্ৰকসমূহৰ বাবে cxgb4 ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • নেটৱাৰ্ক ডিভাইচসমূহৰ Chelsio T3 পৰিয়ালৰ বাবে cxgb3 ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • Intel 10 Gigabit PCI Express নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে ixgbe ড্ৰাইভাৰক শেহতীয়া হাৰ্ডৱেৰ সমৰ্থন, সম্প্ৰসাৰনসমূহ, আৰু বাগ ঠিক কৰাসমূহ অন্তৰ্ভুক্ত কৰিবলে সংস্কৰণ 3.6.7-k লে আপডেইট কৰা হৈছে।
  • Intel PRO/1000 নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে e1000e ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • Intel PRO/1000 নেটৱাৰ্ক ডিভাইচসমূহৰ কাৰণে e1000e ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • e100 ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • Cisco 10G ইথাৰনেট ডিভাইচসমূহৰ বাবে enic ড্ৰাইভাৰ সংস্কৰণ 2.1.1.35 লে আপডেইট কৰা হৈছে, SR-IOV সমৰ্থন যোগ কৰাকৈ।
  • igbvf ড্ৰাইভাৰ (Intel Gigabit ভাৰছুৱেল ফলন নেটৱাৰ্ক ড্ৰাইভাৰ) ক সংস্কৰণ 2.0.1-k লে আপডেইট কৰা হৈছে।
  • Intel Gigabit ইথাৰনেট এডাপ্টাৰসমূহৰ বাবে igb ড্ৰাইভাৰক সংস্কৰণ 3.2.10-k লে আপডেইট কৰা হৈছে, বৰ্তমান-তাৰিখলৈ-উন্নত হাৰ্ডৱেৰ সমৰ্থন, সম্প্ৰসাৰনসমূহ, আৰু বাগ ঠিক কৰাসমূহ প্ৰদান কৰাকৈ।
  • NetXtreme II 1 Gigabit ইথাৰনেট নিয়ন্ত্ৰকসমূহৰ বাবে bnx2 ড্ৰাইভাৰক সংস্কৰণ 1.0.11 লে আপডেইট কৰা হৈছে।
  • Broadcom Tigon3 ইথাৰনেট ডিভাইচসমূহৰ কাৰণে tg3 ড্ৰাইভাৰ সংস্কৰণ 3.120+ লে আপডেইট কৰা হৈছে।
  • HP NC-Series QLogic 10 Gigabit চাৰ্ভাৰ এডাপ্টাৰসমূহৰ বাবে qlcnic ড্ৰাইভাৰ সংস্কৰণ 5.0.26 লে আপডেইট কৰা হৈছে।
  • bna ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • r8169 ড্ৰাইভাৰক শেহতীয়া Realtek NICs (8168D/8168DP/8168E/8168EV) ৰ বাবে সমৰ্থন যোগ কৰিবলে আৰু পুৰনি NICs ৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবলে আপডেইট কৰা হৈছে।
  • qlge ড্ৰাইভাৰক সংস্কৰণ 1.00.00.30 লে আপডেইট কৰা হৈছে।
  • cnic ড্ৰাইভাৰক সংস্কৰণ 2.5.9 লে আপডেইট কৰা হৈছে, যি bnx2x ডিভাইচসমূহত ত্ৰুটি উদ্ধাৰ উন্নত কৰে, FCoE পাৰিটি ত্ৰুটি উদ্ধাৰ যোগ কৰে, FCoE অধিবেশনসমূহৰ সৰ্বাধিক পৰিমাণ বৃদ্ধি কৰে, আৰু অন্য সম্প্ৰসাৰনসমূহ যোগ কৰে।
  • iwl6000 আৰু iwlwifi ড্ৰাইভাৰসমূহক Wi-Fi এডাপ্টাৰসমূহৰ Intel Centrino Wireless-N 6235 ক্ৰমৰ বাবে সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে। iwlwifi লগতে এটা বিকল্প যোগ কৰে যাক ৫GHz বেণ্ডৰ সৈতে অসামৰ্থবান কৰিব পৰা যাব।
  • বেতাঁৰ LAN উপচিস্টেম আপডেইট কৰা হৈছে। ই dma_unmap অৱস্থা API উন্মোচন কৰে আৰু এটা নতুন কাৰনেল হেডাৰ নথিপত্ৰ যোগ কৰে: include/linux/pci-dma.h
বিবিধ ড্ৰাইভাৰসমূহ
  • i915 ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • বিভিন্ন গ্ৰাফিক্স ড্ৰাইভাৰক সংস্কৰণ 3.3-rc2 লে পুনৰভিত্তিয় DRM সমৰ্থনৰ সৈতে আপডেইট কৰা হৈছে।
  • Wacom ড্ৰাইভাৰক আপডেইট কৰা হৈছে, wacompl স্খলিত কৰি আৰু wdaemon পেকেইজক নহোৱা কৰি।
  • ALSA HDA অডিঅ' ড্ৰাইভাৰক নতুন চিপছেটসমূহ আৰু HDA অডিঅ' ক'ডেকসমূহৰ বাবে সমৰ্থন সামৰ্থবান অথবা উন্নত কৰিবলে আপডেইট কৰা হৈছে।
  • btusb ড্ৰাইভাৰক Broadcom BCM20702A0 এটা-চিপ ব্লুটুথ প্ৰচেছৰৰ বাবে সমৰ্থন অন্তৰ্ভুক্ত কৰিবলে আপডেইট কৰা হৈছে।
  • hwmon উপচিস্টেমৰ পৰা k10temp ড্ৰাইভাৰক CPUs ৰ AMD পৰিয়াল 12h/14h/15h ৰ বাবে সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • ALPS Touchpad ড্ৰাইভাৰক ALPS Touchpad প্ৰটোকল সংস্কৰণসমূহ 3 আৰু 4 ৰ বাবে সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে, আৰু ৪-দিশ বুটামসমূহৰ সৈতে touchpads ৰ বাবে সমৰ্থন যোগ কৰিবলে।
  • jsm ড্ৰাইভাৰক প্ৰসাৰিত ত্ৰুটি নিয়ন্ত্ৰণ (EEH) যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • mlx4_en ড্ৰাইভাৰক সংস্কৰণ 2.0 লে আপডেইট কৰা হৈছে।
  • mlx4_core ড্ৰাইভাৰক সংস্কৰণ 1.1 লে আপডেইট কৰা হৈছে।

Chapter 3. নেটৱাৰ্কিং

QFQ শাৰী নিয়মানুৱৰ্তিতা
Red Hat Enterprise Linux 6.3 ত, tc সঁজুলিক দ্ৰুত সঠিক সূচক (QFQ) কাৰনেল বৈশিষ্টসমূহৰ সৈতে কাৰ্য্য কৰিবলে আপডেইট কৰা হৈছে। ব্যৱহাৰকাৰীসমূহে এতিয়া ব্যৱহাৰকাৰীস্থানৰ পৰা নতুন QFQ ট্ৰাফিক শাৰী নিয়মানুৱৰ্তিতাৰ সুবিধা লব পাৰিব। এই বৈশিষ্টক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ভৱা হয়।
rdma_bw আৰু rdma_last সঁজুলিসমূহ স্খলিত
rdma_bw আৰু rdma_lat সঁজুলিসমূহ (perftest পেকেইজ দ্বাৰা প্ৰদান কৰা) এতিয়া স্খলিত আৰু এটা ভৱিষ্যত আপডেইটত perftest পেকেইজৰ পৰা আতৰাই দিয়া হব। ব্যৱহাৰকাৰীসমূহে তাৰ পৰিৱৰ্তে নিম্নলিখিত সঁজুলিসমূহ ব্যৱহাৰ কৰিব লাগে: ib_write_bw, ib_write_lat, ib_read_bw, আৰু ib_read_lat.

Chapter 4. সম্পদ ব্যৱস্থাপনা

নেটৱাৰ্ক প্ৰাথমিকতা cgroup সম্পদ নিয়ন্ত্ৰক
Red Hat Enterprise Linux 6.3 এ নেটৱাৰ্ক প্ৰাথমিকতা (net_prio) সম্পদ নিয়ন্ত্ৰক উন্মোচন কৰে, বিভিন্ন cgroups ৰ মাজত অনুপ্ৰয়োগসমূহৰ বাবে প্ৰতিটো নেটৱাৰ্ক আন্তঃপৃষ্ঠৰ বাবে নেটৱাৰ্ক ট্ৰাফিকৰ প্ৰাথমিকতা চলমানভাৱে সংহতি কৰা পদ্ধতি প্ৰদান কৰে। অধিক তথ্যৰ বাবে, সম্পদ ব্যৱস্থাপনা সহায়ক চাওক।
cgroups ৰ বাবে OOM নিয়ন্ত্ৰণ আৰু অধিসূচনা API
মেমৰি সম্পদ নিয়ন্ত্ৰকে এটা মেমৰিৰ-বাহিৰ (OOM) অধিসূচক প্ৰণয়ন কৰে যি নতুন অধিসূচনা API ব্যৱহাৰ কৰে। যেতিয়া সামৰ্থবান কৰা হয় (echo 1 > memory.oom_control এক্সিকিউট কৰি), এটা অনুপ্ৰয়োগক eventfd ৰ সহায়ত অধিসূচীত কৰা হয় যেতিয়া এটা OOM উপস্থিত হয়। মন কৰিব যে OOM অধিসূচনা ৰুট দলসমূহৰ বাবে কাৰ্য্য নকৰে।
নতুন numad পেকেইজ
numad পেকেইজে NUMA (অ-সুষম মেমৰি স্থাপত্য) চিস্টেমসমূহ যি NUMA বৈশিষ্টসমূহ মনিটৰ কৰে তাৰ বাবে এটা ডিমন প্ৰদান কৰে। হস্তচালিত স্থিৰ CPU পিনিং আৰু মেমৰি ধাৰ্য্যকৰণৰ এটা বিকল্প হিচাপে, numad এ এটা চলি থকা ভিত্তিত মেমৰি লেটেন্সি কম কৰিবলে চলমান সমন্বয় প্ৰদান কৰে। এই পেকেইজে লগতে এটা আন্তঃপৃষ্ঠ প্ৰদান কৰে যাক এটা অনুপ্ৰয়োগৰ উত্তম হস্তচালিত উপস্থাপনৰ বাবে numad ক প্ৰশ্ন কৰিবলে ব্যৱহাৰ কৰিব পাৰি। numad ক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছে।

Chapter 5. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্যকৰীতা

SSH কি'সমূহৰ কেন্দ্ৰীয় ব্যৱস্থাপনাৰ বাবে সমৰ্থন
পূৰ্বতে, হস্ট আৰু ব্যৱহাৰকাৰী SSH ৰাজহুৱা কি'সমূহ কেন্দ্ৰীয়ভাৱে ব্যৱস্থাপনা কৰা সম্ভব নাছিল। Red Hat Enterprise Linux 6.3 এ পৰিচয় ব্যৱস্থাপনা চাৰ্ভাৰসমূহৰ বাবে SSH ৰাজহুৱা কি' ব্যৱস্থাপনাক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে অন্তৰ্ভুক্ত কৰে। পৰিচয় ব্যৱস্থাপনা ক্লাএন্টসমূহত OpenSSH ক ৰাজহুৱা কি'সমূহ যি পৰিচয় ব্যৱস্থাপনা চাৰ্ভাৰত সংৰক্ষণ কৰা হয় ব্যৱহাৰ কৰিবলে স্বচালিতভাৱে সংৰূপণ কৰা হয়। SSH হস্ট আৰু ব্যৱহাৰকাৰী পৰিচয়সমূহক এতিয়া পৰিচয় ব্যৱস্থাপনাত কেন্দ্ৰীয়ভাৱে ব্যৱস্থাপনা কৰিব পাৰি।
SELinux ব্যৱহাৰকাৰী মেপিং
Red Hat Enterprise Linux 6.3 এ এটা দূৰৱৰ্তী চিস্টেমত এজন ব্যৱহাৰকাৰীৰ SELinux পৰিপ্ৰেক্ষতিত নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা উন্মোচন কৰে। SELinux ব্যৱহাৰকাৰী মেপ নিয়মসমূহৰ বিৱৰণ দিব পাৰি, আৰু বিকল্পভাৱে, HBAC নিয়মসমূহৰ সৈতে সংযুক্ত কৰিব পাৰি। এই মেপসমূহে লগিন কৰি থকা হস্ট আৰু দল সদস্যভুক্তিৰ উপৰত নিৰ্ভৰ কৰি এজন ব্যৱহাৰকাৰী দ্বাৰা গ্ৰহণ কৰা পৰিপ্ৰেক্ষতিতৰ বিৱৰণ দিয়ে। যেতিয়া এজন ব্যৱহাৰকাৰীয়ে এটা দূৰৱৰ্তী হস্টলে লগিন কৰে যাক পৰিচয় ব্যৱস্থাপনা বেকএণ্ডৰ সৈতে SSSD ব্যৱহাৰ কৰিবলে সংৰূপণ কৰা হৈছে, ব্যৱহাৰকাৰীজনৰ SELinux পৰিপ্ৰেক্ষতিত সেই ব্যৱহাৰকাৰীজনৰ বাবে বিৱৰণ দিয়া মেপিং নিয়মসমূহৰ উপৰত নিৰ্ভৰ কৰি স্বচালিতভাৱে সংহতি কৰা হয়। অধিক তথ্যৰ বাবে, http://freeipa.org/page/SELinux_user_mapping চাওক। এই বৈশিষ্টক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ভৱা হয়।
sshd ৰ বাবে প্ৰমাণীকৰণৰ একাধিক প্ৰয়োজনীয় পদ্ধতি
SSH ক এতিয়া প্ৰমাণীকৰণৰ একাধিক পদ্ধতিৰ প্ৰয়োজনীয়তাৰ বাবে এতিয়া সংহতি কৰিব পাৰি (যত পূৰ্বতে SSH এ প্ৰমাণীকৰণৰ কেইবাটাও পদ্ধতিৰ অনুমতি দিছিল যাৰ মাজত সফল লগিনৰ বাবে কেৱল এটাৰ প্ৰয়োজন আছিল); উদাহৰণস্বৰূপ, এটা SSH-সামৰ্থবান মেচিনলে লগিন কৰিবলে দুয়ো এটা পাচফ্ৰেইছ আৰু ৰাজহুৱা কি' সুমুৱাৰ প্ৰয়োজন হয়। RequiredAuthentications1 আৰু RequiredAuthentications2 বিকল্পসমূহক এটা সফল লগিনৰ বাবে প্ৰয়োজনীয় প্ৰমাণীকৰণসমূহ ধাৰ্য্য কৰিবলে /etc/ssh/sshd_config নথিপত্ৰত সংৰূপণ কৰিব পাৰি। উদাহৰণস্বৰূপ:
~]# echo "RequiredAuthentications2 publickey,password" >> /etc/ssh/sshd_config
উপৰত বিৱৰণ দিয়া /etc/ssh/sshd_config বিকল্পসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, sshd_config man পৃষ্ঠা চাওক।
স্বমাউন্ট মেপ ক্যাশিংৰ বাবে SSSD সমৰ্থন
Red Hat Enterprise Linux 6.3 ত, SSSD এ এটা নতুন প্ৰযুক্তি পূৰ্বদৰ্শন বৈশিষ্ট অন্তৰ্ভুক্ত কৰে: স্বমাউন্ট মেপসমূহ ক্যাশ কৰিবলে সমৰ্থন। এই বৈশিষ্টয় পৰিৱেশসমূহ যি autofs ৰ সৈতে কাৰ্য্য কৰে তাৰ বাবে বহুতো সুবিধা প্ৰদান কৰে:
  • ক্যাশ কৰা স্বমাউন্ট মেপসমূহে এটা ক্লাএন্ট মেচিনক মাউন্ট কাৰ্য্যসমূহ পৰিৱেশন কৰা সহজ কৰে তেতিয়াও যেতিয়া এটা LDAP চাৰ্ভাৰ প্ৰাপ্ত কৰিব নোৱাৰি, কিন্তু NFS চাৰ্ভাৰ প্ৰাপ্ত কৰিব পৰা থাকে।
  • যেতিয়া autofs ডিমনক SSSD ৰ সহায়ত স্বমাউন্ট মেপসমূহ দেখাৰ বাবে সংৰূপণ কৰা হয়, কেৱল এটা নথিপত্ৰ সংৰূপণ কৰিব লাগে: /etc/sssd/sssd.conf। পূৰ্বতে, /etc/sysconfig/autofs নথিপত্ৰক autofs তথ্য প্ৰাপ্ত কৰিবলে সংৰূপণ কৰিব লগিয়া হৈছিল।
  • স্বমাউন্ট মেপসমূহ ক্যাশ কৰিলে ক্লাএন্টত পৰিৱেশন দ্ৰুত হয় আৰু LDAP চাৰ্ভাৰত কম ট্ৰাফিক হয়।
SSSD debug_level ব্যৱহাৰত পৰিৱৰ্তন
SSSD এ debug_level বিকল্পৰ ব্যৱহাৰ /etc/sssd/sssd.conf নথিপত্ৰত পৰিৱৰ্তন কৰিছে। পূৰ্বতে, [sssd] সংৰূপ অংশত debug_level বিকল্প সংহতি কৰা সম্ভব আছিল আৰু ইয়াৰ ফলস্বৰূপ ই অন্য সংৰূপ অংশবোৰৰ বাবে অবিকল্পিত সংহতি হৈ গৈছিল, যেতিয়ালৈকে সিহতে ইয়াক বলপূৰ্বকভাৱে অভাৰৰাইড কৰা নাছিল।
অভ্যন্তৰীক ডিবাহ লগিং বৈশিষ্টসমূহত কেইবাটাও পৰিৱৰ্তন কৰিবলে debug_level বিকল্পক সদায় সংৰূপ নথিপত্ৰৰ প্ৰতিটো অংশত সূকীয়াভাৱে ধাৰ্য্য কৰিব লাগিব, ইয়াৰ অবিকল্পিতক [sssd] অংশৰ পৰা আয়ত্ব কৰাৰ পৰিৱৰ্তে।
ফলস্বৰূপ, SSSD ৰ শেহতীয়া সংস্কৰণলে আপডেইট কৰাৰ পিছত, একেটা স্তৰত ডিবাগ লগিং গ্ৰহণ কৰা অব্যাহত ৰাখিবলে ব্যৱহাৰকাৰীসমূহে সিহতৰ সংৰূপসমূহ আপডেইট কৰিব লগিয়া হব পাৰে। ব্যৱহাৰকাৰীসমূহ যিসকলে SSSD ক প্ৰতি-মেচিন ভিত্তিত সংৰূপণ কৰে তেওলোকে এটা Python সঁজুলি ব্যৱহাৰ কৰিব পাৰে যি তেওলোকৰ স্থায়ী সংৰূপক এটা সংগত ধৰণে আপডেইট কৰে। ইয়াক নিম্নলিখিত কমান্ডক ৰুট হিচাপে চলাই সম্পূৰ্ণ কৰিব পাৰি:
~]# python /usr/lib/python2.6/site-packages/sssd_update_debug_levels.py
এই সঁজুলিয়ে সংৰূপ নথিপত্ৰলে নিম্নলিখিত পৰিৱৰ্তনসমূহ কৰে: ই নীৰিক্ষণ কৰি চায় যদি debug_level বিকল্পক [sssd] অংশত ধাৰ্য্য কৰা হৈছিল। যদি কৰা হৈছে, ই একেটা স্তৰ মান sssd.conf ৰ প্ৰতিটো অংশত যোগ কৰে যাৰ বাবে debug_level ধাৰ্য্য কৰা হোৱা নাই। যদি debug_level বিকল্প অন্য অংশত ইতিমধ্যে অস্তিত্ববান, ইয়াক অপৰিৱৰ্তীত ৰখা হয়।
ব্যৱহাৰকাৰীসমূহ যিসকলে কেন্দ্ৰীয় সংৰূপ ব্যৱস্থাপনা সঁজুলিৰ উপৰত নিৰ্ভৰ কৰে সিহতে একেটা পৰিৱৰ্তন সঠিক সঁজুলিত হস্তচালিতভাৱে কৰিব লাগিব।
নতুন ldap_chpass_update_last_change বিকল্প
এটা নতুন বিকল্প, ldap_chpass_update_last_change ক, SSSD সংৰূপলে যোগ কৰা হৈছে। যদি এই বিকল্প সামৰ্থবান থাকে, SSSD এ shadowLastChange LDAP বৈশিষ্টক বৰ্তমান সময়লে পৰিৱৰ্তন কৰাৰ চেষ্টা কৰে। মন কৰিব যে ই কেৱল এটা পৰিস্থিতিলে জড়িত যেতিয়া LDAP পাছৱাৰ্ড নীতি ব্যৱহাৰ কৰা হয় (সাধাৰণত LDAP চাৰ্ভাৰ দ্বাৰা ব্যৱস্থাপনা কৰা হয়), ইয়াৰ অৰ্থ, LDAP প্ৰসাৰিত কাৰ্য্যক পাছৱাৰ্ড সলনি কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। মন কৰিব যে বৈশিষ্টটো ব্যৱহাৰকাৰী যোনে পাছৱাৰ্ড সলনি কৰি আছে তেওৰ দ্বাৰা লিখিব পৰা হব লাগিব।

Chapter 6. এন্টাইটেলমেন্ট

RHN কালজয়ীৰ পৰা প্ৰমাণপত্ৰ-ভিত্তিয় RHN লে প্ৰব্ৰজন
Red Hat Enterprise Linux 6.3 এ RHN কালজয়ী গ্ৰাহকসমূহক প্ৰমাণপত্ৰ-ভিত্তিয় RHN লে প্ৰব্ৰজন কৰিবলে এটা নতুন সঁজুলি অন্তৰ্ভুক্ত কৰে। অধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 6 মোতায়েন সহায়ক চাওক।
স্বাক্ষৰণ ব্যৱস্থাপক gpgcheck ব্যৱহাৰ
স্বাক্ষৰণ ব্যৱস্থাপকে এতিয়া ই ব্যৱস্থাপনা কৰা যিকোনো ভঁৰাল যাৰ এটা ৰিক্ত gpgkey আছে তাৰ বাবে gpgcheck অসামৰ্থবান কৰে। ভঁৰাল পুনৰ-সামৰ্থবান কৰিবলে, GPG কি'সমূহ আপল'ড কৰক, আৰু সুনিশ্চিত কৰক যে আপোনাৰ স্বনিৰ্বাচিত সমল বিৱৰণলে সঠিক URL যোগ কৰা হৈছে।

Chapter 7. ভাৰছুৱেলাইজেষণ

7.1. KVM

KVM স্কেলেবিলিটি সম্প্ৰসাৰণসমূহ
Red Hat Enterprise Linux 6.3 ত KVM স্কেলেবিলিটি সম্প্ৰসাৰনসমূহ অন্তৰ্ভুক্ত কৰে:
  • সৰ্বাধিক সমৰ্থিত ভাৰছুৱেল অতিথি আকাৰ ৬৪ ৰ পৰা ১৬০ ভাৰছুৱেল CPUs (vCPUs) লে বৃদ্ধি কৰা হৈছে।
  • এটা KVM অতিথিত সৰ্বাধিক সমৰ্থিত মেমৰি ৫১২ GB ৰ পৰা ২ TB লে বৃদ্ধি কৰা হৈছে।
নতুন Intel আৰু AMD প্ৰচেছৰসমূহৰ বাবে KVM সমৰ্থন
Red Hat Enterprise Linux 6.3 ত KVM এ সমৰ্থন অন্তৰ্ভুক্ত কৰে:
  • Intel Core i3, i5, i7 আৰু অন্য প্ৰচেছৰসমূহ পূৰ্বতে ক'ড নাম Sandy Bridge,
  • আৰু নতুন AMD পৰিয়াল 15h প্ৰচেছৰসমূহ (ক'ড নাম Bulldozer)।
KVM ৰ নতুন CPU আৰ্হি বিৱৰণসমূহে KVM হস্ট আৰু ভাৰছুৱেলাইজ্ড অতিথিৰ বাবে প্ৰয়োজনীয় নতুন প্ৰচেছৰ সামৰ্থ প্ৰদান কৰে। ই সুনিশ্চিত কৰে যে KVM ভাৰছুৱেলাইজেষণে নতুন প্ৰচেছৰসমূহৰ সৈতে জড়িত পৰিৱেশন সুবিধাসমূহ আহৰণ কৰে, আৰু শেহতীয়া CPUs নতুন নিৰ্দেশসমূহৰ সুবিধা লয়।
KVM Steal Time সমৰ্থন
Steal time হল এটা ভাৰছুৱেল CPU দ্বাৰা প্ৰকৃত CPU ৰ বাবে অপেক্ষা কৰা সময় যেতিয়া হাইপাৰভাইছৰে অন্য ভাৰছুৱেল প্ৰচেছৰক সেৱা প্ৰদান কৰে। KVM ভাৰছুৱেল মেচিনে এতিয়া steal time গণনা আৰু সংবাদন কৰিব পাৰে, top আৰু vmstat সঁজুলিসমূহ দ্বাৰা দৃশ্যমান, যি এজন অতিথিক সঠিক CPU ব্যৱহাৰ তথ্যৰ সৈতে প্ৰদান কৰে।
KVM steal time বৈশিষ্টয় এজন অতিথিক CPU ব্যৱহাৰ আৰু ভাৰছুৱেল মেচিন পৰিৱেশনৰ বিষয়ে সঠিক তথ্য প্ৰদান কৰে। অত্যাধিক পৰিমাণত steal time এ ইংগিত দিয়ে যে ভাৰছুৱেল মেচিন পৰিৱেশন অতিথিক হাইপাৰভাইছৰ দ্বাৰা ধাৰ্য্য কৰা CPU সময়ৰ সহায়ত কম কৰা হয়। ব্যৱহাৰকাৰীজনে CPU প্ৰতিদ্বন্দ্বিতা দ্বাৰা সৃষ্টি কৰা পৰিৱেশন সমস্যাসমূহক কম কৰিব পাৰিব হস্টত কম অতিথি চলাই অথবা অতিথিৰ CPU প্ৰাথমিকতা বৃদ্ধি কৰি। KVM steal time মানে ব্যৱহাৰকাৰীসমূহক তথ্য প্ৰদান কৰে যাতে তেওলোকে তেওলোকৰ অনুপ্ৰয়োগ চলন-সময় পৰিৱেশন উন্নত কৰিবলে পৰৱৰ্তী পদক্ষেপ লব পাৰে।
qcow2 ডিস্ক ছবিসমূহলে উন্নত অভিগম
Red Hat Enterprise Linux 6.3 ত KVM এ qcow2 ডিস্ক ছবিসমূহ (qcow2 হল অবিকল্পিত বিন্যাস) লে অভিগম উন্নত কৰিছে ইয়াক অধিক অসমকালিন কৰি, এইদৰে vCPU স্টলসমূহ প্ৰতিৰোধ কৰি আৰু ডিস্ক I/O ৰ সময়ত সৰ্বমুঠ পৰিৱেশন বৃদ্ধি কৰি।
নতুন qemu-guest-agent উপপেকেইজ
qemu-kvm ৰ এটা নতুন উপ-পেকেইজ qemu-guest-agent আছে। এই পেকেইজ ইনস্টল থকা অৱস্থাত Red Hat Enterprise Linux 6.3 চলাওতে, সঠিকভাৱে সংৰূপিত Red Hat Enterprise Linux 6.3 হস্টসমূহে এতিয়া অতিথিলে নতুন কমান্ডসমূহ পঠাব পাৰিব যেনে: guest-sync, guest-ping, guest-info, guest-shutdown, আৰু guest-suspend-*
হস্টক কিদৰে অতিথি সহায়কৰ সৈতে সংযোগ কৰিবলে সংৰূপণ কৰা হব তাৰ এটা উদাহৰণৰ বাবে, http://lists.nongnu.org/archive/html/qemu-devel/2011-07/msg00370.html চাওক।
KVM অতিথিসমূহত পৰিৱেশন পৰ্যবেক্ষণ
KVM এ ভাৰছুৱেল মেচিনসমূহক পৰিৱেশন পৰ্যবেক্ষণৰ অনুমতি দিবলে এতিয়া এটা পৰিৱেশন পৰ্যবেক্ষণ একক (vPMU) ভাৰছুৱেলাইজ কৰিব পাৰে। অতিৰিক্তভাৱে ই Intel ৰ architectural PMU সমৰ্থন কৰে যি বিভিন্ন হস্ট CPU সংস্কৰণসমূহত প্ৰব্ৰজিত-জিয়াই থাকিব পাৰিব, -cpu হস্ট ফ্লেগ ব্যৱহাৰ কৰি।
এই বৈশিষ্টৰ সৈতে, Red Hat ভাৰছুৱেলাইজেষণ গ্ৰাহকসমূহে এতিয়া অতি সহজতে KVM অতিথিসমূহত পৰিৱেশন পৰ্যবেক্ষণ ব্যৱহাৰ কৰিব পাৰিব। ভাৰছুৱেল পৰিৱেশন পৰ্যবেক্ষণ বৈশিষ্টয় ভাৰছুৱেল মেচিন ব্যৱহাৰকাৰীসমূহক সিহতৰ অতিথিত পৰিৱেশন সমস্যাসমূহৰ উৎস চিনাক্ত কৰাৰ অনুমতি দিয়ে, সিহতৰ পছন্দৰ পূৰ্ব-অৱস্থিত আলেখ্য সঁজুলিসমূহ ব্যৱহাৰ কৰি যি হস্ট আৰু অতিথি দুটাতে কাম কৰে। ই এটা KVM অতিথিক হস্টৰ পৰা আলেখ্য কৰাৰ ক্ষমতালে এটা সংযোজন।
এই বৈশিষ্ট Red Hat Enterprise Linux 6.3 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন।
চলমান ভাৰছুৱেল CPU আবন্টন
Red Hat Enterprise Linux 6.3 ত KVM এ এতিয়া চলমান ভাৰছুৱেল CPU আবন্টন সমৰ্থন কৰে, vCPU হট প্লাগ হিচাপেও জনাজাত, চুড়ান্ত-নহোৱা ঘন্টাত সিহতৰ প্লেটফৰ্মত চলমানভাৱে ক্ষমতা ব্যৱস্থাপনা কৰিবলে আৰু অপ্ৰত্যাশিত ল'ড বৃদ্ধিলে প্ৰতিক্ৰিয়া কৰিবলে।
ভাৰছুৱেল CPU হট-প্লাগিং বৈশিষ্টয় চিস্টেম প্ৰশাসকসমূহক এটা অতিথিত CPU সম্পদসমূহ চলমানভাৱে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা প্ৰদান কৰে। যিহেতু CPU সম্পদসমূহ সজাবলে এটা অতিথিক আৰু অফলাইন লব নালাগে, অতিথিৰ উপলব্ধতা বৃদ্ধি পাইছে।
এই বৈশিষ্ট Red Hat Enterprise Linux 6.3 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন। বৰ্তমানে, কেৱল vCPU হট-এড কাৰ্য্যকৰীতা কাম কৰে। vCPU হট আনপ্লাগ বৈশিষ্ট এতিয়াও প্ৰণয়ন কৰা হোৱা নাই।
Virtio-SCSI ক্ষমতাসমূহ
KVM ৰ ভাৰছুৱেলাইজেষণ সংৰক্ষণ স্টেকক virtio-SCSI (KVM ৰ বাবে SCSI ভিত্তিয় সংৰক্ষণ স্থাপত্য) ক্ষমতাসমূহ যোগ কৰি উন্নত কৰা হৈছে। Virtio-SCSI এ প্ৰত্যক্ষভাৱে SCSI LUNs লে সংযোগ কৰাৰ ক্ষমতা প্ৰদান কৰে আৰু virtio-blk ৰ তুলনাত স্কেলেবিলিটি উন্নত কৰে। virtio-SCSI ৰ সুবিধা হল যে ই virtio-blk ৰ তুলনাত কেইবা শতক ডিভাইচ নিয়ন্ত্ৰণ কৰিলে সক্ষম যি কেৱল ২৮ টা ডিভাইচ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু PCI স্লটসমূহ ভৰ্তি কৰি পেলায়।
Virtio-SCSI এতিয়া লক্ষ্য ডিভাইচৰ বৈশিষ্ট আহৰণ কৰিবলে সক্ষম, ক্ষমতাৰ সৈতে:
  • virtio-scsi নিয়ন্ত্ৰকৰ সহায়ত এটা ভাৰছুৱেল হাৰ্ড ড্ৰাইভ অথবা CD সংলঘ্ন কৰক।
  • QEMU scsi-খণ্ড ডিভাইচৰ সহায়ত হস্টৰ পৰা অতিথিলে এটা ভৌতিক ডিভাইচৰ সহায়ত পাছ-থ্ৰু কৰক,
  • আৰু প্ৰতি অতিথি কেইবা শতক ডিভাইচৰ ব্যৱহাৰৰ অনুমতি দিয়ক; virtio-blk ৰ ২৮-ডিভাইচ সীমাৰ পৰা এটা উন্নতি।
এই বৈশিষ্ট Red Hat Enterprise Linux 6.3 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন।
in-guest S4/S3 অৱস্থাসমূহৰ বাবে সমৰ্থন
KVM ৰ শক্তি ব্যৱস্থাপনা বৈশিষ্টসমূহ প্ৰসাৰন কৰা হৈছে যাতে ভাৰছুৱেল মেচিনত S4 (ডিস্কলে নিলম্বিত কৰক) আৰু S3 (RAM লে নিলম্বিত কৰক) অৱস্থাসমূহৰ বাবে স্থানীয় সমৰ্থন অন্তৰ্ভুক্ত কৰিব পাৰি, এই কম শক্তি অৱস্থাসমূহৰ এটাৰ পৰা অতিথি উদ্ধাৰৰ গতি বঢ়াই। পূৰ্বৱৰ্তী প্ৰণয়নসমূহত অতিথিসমূহক এটা ডিস্ক অথবা মেমৰি যি অতিথিলে বহিৰ্তম আছিল তালৈ অথবা তাৰ পৰা সংৰক্ষণ অথবা উদ্ধাৰ কৰা হৈছিল, যি সুপ্ত অৱস্থা উন্মোচন কৰিছিল।
অতিৰিক্তভাৱে, অতিথিসমূহক S3 অৱস্থাৰ পৰা SPICE ৰ সহায়ত এটা দূৰৱৰ্তী কি'বৰ্ডৰ পৰা ঘটনাসমূহৰ সৈতে সক্ৰিয় কৰিব পাৰি।
এই বৈশিষ্ট এটা প্ৰযুক্তি পূৰ্বদৰ্শন আৰু Red Hat Enterprise Linux 6.3 ত অবিকল্পিতভাৱে অসামৰ্থবান কৰি থোৱা আছে। ইয়াক সামৰ্থবান কৰিবলে, VM bios ৰ বাবে অবিকল্পিত /usr/share/seabios/bios.bin নথিপত্ৰৰ পৰিৱৰ্তে /usr/share/seabios/bios-pm.bin নথিপত্ৰ বাছক।
স্থানীয়, in-guest S4 (ডিস্কলে নিলম্বিত কৰক) and S3 (RAM লে নিলম্বিত কৰক) শক্তি ব্যৱস্থাপনা বৈশিষ্টসমূহে অতিথিত ডিস্কলে নিলম্বিত কৰা আৰু RAM লে নিলম্বিত কৰা ফলনসমূহ পৰিৱেশন কৰাৰ ক্ষমতা (হস্টৰ বিপৰিত) সমৰ্থন কৰে, সাধাৰণ কি'বৰ্ড ইনপুটলে প্ৰতিক্ৰিয়া কৰি এটা অতিথি পুনৰুদ্ধাৰ কৰাৰ সময় কম কৰি। ই লগতে এটা বহিৰ্তম মেমৰি-অৱস্থা নথিপত্ৰ ব্যৱস্থাপনা কৰাৰ প্ৰয়োজনীয়তা আতৰায়। এই ক্ষমতা যিকোনো হাইপাৰভাইছৰত চলি থকা S3 আৰু S4 সমৰ্থন কৰাৰ ক্ষমতা থকা Red Hat Enterprise Linux 6.3 অতিথিসমূহ আৰু Windows অতিথিসমূহত সমৰ্থিত।
NIC ৰ বাবে SR-IOV সমৰ্থন
Red Hat Enterprise Linux 6.3 এ নেটৱাৰ্ক আন্তঃপৃষ্ঠ নিয়ন্ত্ৰকসমূহৰ বাবে SR-IOV সমৰ্থন উন্মোচন কৰে। এই বৈশিষ্টয় এটা KVM হস্টত NIC ক KVM অতিথিসমূহ দ্বাৰা অংশীদাৰী কৰাৰ অনুমতি দিয়ে। SR-IOV ৰ বিষয়ে অধিক তথ্যৰ বাবে, Virtualization Host Configuration and Guest Installation GuideChapter 13. SR-IOV চাওক। be2net ড্ৰাইভাৰত SR-IOV ৰ বিষয়ে তথ্যৰ বাবে, Chapter 2, ডিভাইচ ড্ৰাইভাৰসমূহ চাওক।
AMD-V ৰ বাবে KVM ত TSC স্কেলিং
Red Hat Enterprise Linux 6.3 এ AMD ভাৰছুৱেলাইজেষণ (AMD-V) ৰ বাবে KVM লে সময় স্টাম্প গণক (TSC) ৰ সমৰ্থন যোগ কৰে। এই বৈশিষ্ট এটা KVM অতিথিত এটা প্ৰদান কৰা TSC কম্পনাংক ইমুলেইট কৰিবলে সক্ষম।
perf-kvm ৰ বাবে সমৰ্থন
perf-kvm সঁজুলিৰ বাবে সমৰ্থন, যি হস্টৰ পৰা অতিথি পৰিৱেশন পৰ্যবেক্ষণ কৰাৰ ক্ষমতা প্ৰদান কৰে, যোগ কৰা হৈছে। অধিক তথ্যৰ বাবে, perf-kvm man পৃষ্ঠা চাওক।

7.2. SPICE

USB 2.0 পুনৰনিৰ্দেশ সমৰ্থন
SPICE এ KVM USB 2.0 হস্ট এডাপ্টাৰ ইমুলেষণ সমৰ্থন নিৰ্মাণ কৰে, আৰু দূৰৱৰ্তী USB পুনৰনিৰ্দেশ সমৰ্থন কৰে যি চাৰ্ভাৰসমূহত চলি থকা ভাৰছুৱেল মেচিনসমূহক ক্লাএন্ট প্ৰান্তত দূৰৱৰ্তীভাৱে প্লাগ কৰা USB ডিভাইচসমূহ ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে।

7.3. libvirt

আপ/ডাউন লিঙ্ক অৱস্থা নিয়ন্ত্ৰণ কৰা
libvirt এতিয়া অতিথি ভাৰছুৱেল নেটৱাৰ্ক আন্তঃপৃষ্ঠসমূহৰ এটা লিঙ্কৰ অৱস্থা (আপ অথবা ডাউন) নিয়ন্ত্ৰণ কৰিবলে সক্ষম। ই ব্যৱহাৰকাৰীসমূহক পৰিক্ষণ আৰু চিমুলেষণ অনুমতি দিয়ে যেনে আন্তঃপৃষ্ঠৰ পৰা নেটৱাৰ্ক কেবুল প্লাগ অথবা আনপ্লাগ কৰা। এই বৈশিষ্টয় লগতে ব্যৱহাৰকাৰীসমূহক অতিথিসমূহক সূকীয়া কৰিবলে অনুমতি দিয়ে যদি কোনো সমস্যা সৃষ্টি হয়।
শেহতীয়া Intel আৰু AMD প্ৰচেছৰসমূহৰ বাবে যোগ কৰা সমৰ্থন
Red Hat Enterprise Linux 6.3 ত, libvirt ক শেহতীয়া Intel Core i3, i5, i7 আৰু অন্য Intel প্ৰচেছৰসমূহ, আৰু পৰিয়াল 15h খূদ্ৰস্থাপত্য AMD প্ৰচেছৰসমূহৰ বাবে সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে। এই আপডেইটৰ সৈতে, libvirt এ এতিয়া এই প্ৰচেছৰসমূহে অন্তৰ্ভুক্ত কৰা নতুন বৈশিষ্টসমূহ ব্যৱহাৰ কৰে।

Chapter 8. থুপ খোৱা উচ্চ উপলব্ধতা

প্ৰশাসনীয় UI বৃদ্ধিসমূহ
Luci, থুপসমূহক সংৰূপণ কৰিবলে ৱেব-ভিত্তিয় প্ৰশাসনীয় UI ক নিম্নলিখিতক অন্তৰ্ভুক্ত কৰিবলে আপডেইট কৰা হৈছে:
  • এটা থুপ কৰা সেৱা আতৰাওতে এটা সুনিশ্চিতকৰণ ডাইলগ বাকচ উপস্থিত হয়।
  • UI এ এটা উন্নত পুনৰাম্ভ আইকন অন্তৰ্ভুক্ত কৰে।
  • এটা সন্তান সম্পদ যোগ কৰক বুটাম সৰল কৰা হৈছে।
  • UI ৰ পৰা ডিবাগ কৰাৰ এটা বিকল্প সামৰ্থবান কৰা হৈছে।
নিষ্ক্ৰিয় luci প্ৰমাণীত অধিবেশনসমূহৰ স্বচালিত সময়অন্ত
Red Hat Enterprise Linux 6.3 ত, luci প্ৰমাণীত অধিবেশনসমূহ ১৫ মিনিটৰ নিষ্ক্ৰিয়তাৰ পিছত স্বচালিতভাৱে সময়অন্ত হয়। এই অৱধিক who.auth_tkt_timeout প্ৰাচল সলনি কৰি /etc/sysconfig/luci নথিপত্ৰত সংৰূপণ কৰিব পাৰি।
নতুন libqb পেকেইজ
libqb পেকেইজে উচ্চ পৰিৱেশন ক্লাএন্ট চাৰ্ভাৰ পুনৰব্যৱহাৰ বৈশিষ্টসমূহ প্ৰদান কৰাৰ প্ৰাথমিক উদ্দেশ্যৰ সৈতে এটা লাইব্ৰেৰী প্ৰদান কৰে, যেনে উচ্চ পৰিৱেশন লগিং, ট্ৰেচিং, আন্ত-প্ৰক্ৰিয়া সংযোগ, আৰু পলিং। এই পেকেইজক pacemaker পেকেইজৰ এটা নিৰ্ভৰতা হিচাপে উন্মোচন কৰা হৈছে, আৰু Red Hat Enterprise Linux 6.3 ত এটা কাৰিকৰী পূৰ্বদৰ্শন হিচাপে ধৰি লোৱা হয়।
Pacemaker এ এতিয়া libqb লগিং ব্যৱহাৰ কৰে
নতুনকে যোগ কৰা libqb নিৰ্ভৰতাৰ কাৰণে, pacemaker এ এতিয়া কম ভাৰবোচিটি প্ৰদান কৰিবলে তাৰ লগিং কাৰ্য্যকৰীতা ব্যৱহাৰ কৰে ডিবাগ আৰু সমৰ্থন pacemaker ৰ ক্ষমতা ৰখাকৈ।
আন্তঃ-ন'ড লকিংৰ বাবে CPG API ব্যৱহাৰ কৰা
Rgmanager এ বৈশিষ্ট অন্তৰ্ভুক্ত কৰে যি ইয়াক আন্তঃ-ন'ড লকিংৰ বাবে Corosync ৰ বন্ধ প্ৰক্ৰিয়া দল (CPG) API ব্যৱহাৰ কৰিবলে সামৰ্থবান কৰে। এই বৈশিষ্টক স্বচালিতভাৱে সামৰ্থবান কৰা হয় যেতিয়া Corosync ৰ ৰিডাণ্ডেন্ট ৰিং প্ৰোটোকল (RRP) বৈশিষ্ট সামৰ্থবান থাকে। Corosync ৰ RRP বৈশিষ্টক সম্পূৰ্ণভাৱে সমৰ্থিত কোৱা হয়। যি কি নহওক, যেতিয়া অৱশিষ্ট উচ্চ-উপলব্ধতা এড-অনসমূহৰ সৈতে ব্যৱহাৰ কৰা হয়, ইয়াক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে ভৱা হয়।

Chapter 9. সংৰক্ষণ

(থুপ-নখোৱা) পাতলভাৱে-যোগান দিয়া স্নেপশ্বটসমূহৰ বাবে LVM সমৰ্থন
Red Hat Enterprise Linux 6.3 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে LVM লিখনত-কপি (cow) স্নেপশ্বটসমূহৰ এটা নতুন প্ৰণয়ন উপলব্ধ আছে। এই প্ৰণয়নৰ এটা মূখ্য সুবিধা হল, স্নেপশ্বটসমূহৰ পূৰ্বৱৰ্তী প্ৰণয়নৰ তুলনাত, ই একেটা তথ্য আয়তনত বহুতো ভাৰছুৱেল ডিভাইচ সংৰক্ষণ কৰাৰ অনুমতি দিয়ে। এই প্ৰণয়নে লগতে বাৰংবাৰ স্নেপশ্বটসমূহ (স্নেপশ্বটৰ স্নেপশ্বটৰ স্নেপশ্বট...) ৰ যাদৃচ্ছিক গভিৰতাৰ সমৰ্থন প্ৰদান কৰে।
এই বৈশিষ্ট কেৱল এটা একক-চিস্টেমত ব্যৱহাৰৰ বাবে। ই থুপ পৰিৱেশসমূহত বহু-চিস্টেম অভিগমৰ বাবে উপলব্ধ নহয়।
অধিক তথ্যৰ বাবে, lvcreate man পৃষ্ঠাত -s/--snapshot বিকল্পৰ তথ্যচিত্ৰ চাওক।
(থুপ-নখোৱা) পাতলভাৱে-যোগান দিয়া LVs ৰ বাবে LVM সমৰ্থন
যৌক্তিক আয়তনসমূহ (LVs) ক এতিয়া অনুপ্ৰয়োগসমূহ দ্বাৰা প্ৰয়োজনীয় ডিভাইচসমূহৰ এটা যাদৃচ্ছিক সংখ্যালে আবন্টন কৰিব লগিয়া ৰিক্ত স্থানৰ এটা সংৰক্ষণ পুল ব্যৱস্থাপনা কৰিবলে পাতলভাৱে যোগান দিব পাৰি। ই ডিভাইচসমূহ সৃষ্টিৰ অনুমতি দিয়ে যাক এটা পাতলভাৱে যোগান দিয়া পুললে বান্ধিব পাৰি যেতিয়া এটা অনুপ্ৰয়োগে সঁচাকৈ LV লে লিখে। পাতলকে-যোগান দিয়া পুলক চলমানভাৱে প্ৰসাৰন কৰিব পাৰি যদি আৰু যেতিয়া সংৰক্ষণ স্থানৰ মূল্য-উপযোগী আবন্টনৰ বাবে প্ৰয়োজন হয়। Red Hat Enterprise Linux 6.3 ত, এই বৈশিষ্টক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছে। এই বৈশিষ্ট প্ৰয়োগ কৰি চাবলে আপোনাৰ device-mapper-persistent-data পেকেইজ ইনস্টল থাকিব লাগিব। অধিক তথ্যৰ বাবে, lvcreate man পৃষ্ঠা চাওক।
lvmetad ৰে LVM মেটাডাটৰ চলমান একত্ৰিকৰণ
বেছিৰভাগ LVM কমান্ডসমূহৰ চিস্টেমত ডিস্ক ডিভাইচসমূহত সংৰক্ষিত LVM মেটাডাটাৰ এটা সঠিক দৃশ্যৰ প্ৰয়োজন হয়। বৰ্তমান LVM ৰূপাঙ্কণৰ সৈতে, যদি এই তথ্য উপলব্ধ নহয়, LVM এ চিস্টেমৰ সকলো ভৌতিক ডিস্ক ডিভাইচ স্কেন কৰিব লাগিব। ই চিস্টেমসমূহ যাৰ কেইবাটাও ডিস্ক আছে তাত অত্যাধিক I/O কাৰ্য্যসমূহৰ প্ৰয়োজন হব।
lvmetad ডিমনৰ উদ্দেশ্য হল প্ৰতিবাৰে যেতিয়া এটা ডিভাইচৰ অৱস্থা সলনি হয় তেতিয়া চলমানভাৱে মেটাডাটা তথ্য একত্ৰিত কৰি এই স্কেনিংৰ প্ৰয়োজনীয়তা আতৰোৱা। এই ঘটনাসমূহ udev নিয়মৰ সহায়ত lvmetad লে ইংগিত কৰা হয়। যদি lvmetad চলি থকা নাই, LVM ই সাধাৰণে কৰিব লগিয়া এটা স্কেন পৰিৱেশন কৰে।
এই বৈশিষ্টক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে প্ৰদান কৰা হৈছে আৰু Red Hat Enterprise Linux 6.3 ত অবিকল্পিতভাৱে অসামৰ্থবান কৰা আছে। ইয়াক সামৰ্থবান কৰিবলে, /etc/lvm/lvm.conf নথিপত্ৰত use_lvmetad প্ৰাচল চাওক, আৰু lvm2-lvmetad init স্ক্ৰিপ্ট সংৰূপণ কৰি lvmetad ডিমন সামৰ্থবান কৰক।
ইথাৰনেট (FCoE) লক্ষ্য অৱস্থাৰ উপৰেদি ফাইবাৰ চেনেল সম্পূৰ্ণভাৱে সমৰ্থিত
Red Hat Enterprise Linux 6.3 ত ইথাৰনেট (FCoE) লক্ষ্য অৱস্থাৰ উপৰেদি ফাইবাৰ চেনেল সম্পূৰ্ণভাৱে সমৰ্থিত। এই কাৰনেল বৈশিষ্ট targetcli সঁজুলিৰ সহায়ত সংৰূপণ কৰিব পাৰি, fcoe-target-utils পেকেইজ দ্বাৰা প্ৰদান কৰা। FCoE এটা নেটৱাৰ্ক সমৰ্থিত তথ্য কেন্দ্ৰ ব্ৰিজিং (DCB) ত ব্যৱহাৰৰ বাবে ৰূপাঙ্কীত। ততোধিক বিৱৰণ dcbtool(8) আৰু targetcli(8) man পৃষ্ঠাসমূহ (lldpad আৰু fcoe-target-utils পেকেইজসমূহ দ্বাৰা প্ৰদান কৰা) ত উপলব্ধ আছে।
LVM RAID সম্পূৰ্ণভাৱে সমৰ্থিত
LVM ত প্ৰসাৰিত RAID সমৰ্থন এতিয়া Red Hat Enterprise Linux 6.3 ত সম্পূৰ্ণভাৱে সমৰ্থিত। LVM এতিয়া RAID 4/5/6 যৌক্তিক আয়তনসমূহ সৃষ্টি কৰিবলে সক্ষম আৰু এই যৌক্তিক আয়তনসমূহৰ মিৰৰিং সমৰ্থন কৰে। MD (চফ্টৱেৰ RAID) মডিউলসমূহে এই নতুন বৈশিষ্টসমূহৰ বাবে বেকএণ্ড সমৰ্থন প্ৰদান কৰে।
কেৱল-পঢ়া অৱস্থাত আয়তনসমূহ সক্ৰিয় কৰা
এটা নতুন LVM সংৰূপ নথিপত্ৰ প্ৰাচল, activation/read_only_volume_list এ, কিছুমান বিশেষ আয়তনক কেৱল-পঢ়া অৱস্থাত সক্ৰিয় কৰা সম্ভব কৰে, উপযুক্ত আয়তনসমূহৰ প্ৰকৃত অনুমতিসমূহ যিয়ে থাকক। এই প্ৰাচলে মেটাডাটাত সংৰক্ষিত --permission rw বিকল্প অভাৰৰাইড কৰে।

Chapter 10. সাধাৰণ আপডেইটসমূহ

চফ্টৱেৰ সংগ্ৰহ সঁজুলিসমূহ
Red Hat Enterprise Linux 6.3 এ এটা scl-utils পেকেইজ উন্মোচন কৰে যি চফ্টৱেৰ সংগ্ৰহসমূহ পেকেইজ কৰিবলে এটা চলমান সঁজুলি আৰু মেক্ৰো পেকেইজ কৰা প্ৰদান কৰে। চফ্টৱেৰ সংগ্ৰহসমূহে ব্যৱহাৰকাৰীসমূহক চিস্টেমত একেটা RPM পেকেইজৰ কেইবাটাও সংস্কৰণ একেলগে ইনস্টল কৰাৰ অনুমতি দিয়ে। scl সঁজুলি ব্যৱহাৰ কৰি, ব্যৱহাৰকাৰীসমূহে /opt ডাইৰেকটৰিত ইনস্টল থকা RPMসমূহৰ বিশেষ সংস্কৰণসমূহ সামৰ্থবান কৰিব পাৰিব। চফ্টৱেৰ সংগ্ৰহসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, চফ্টৱেৰ সংগ্ৰহ সহায়ক চাওক।
MySQL InnoDB প্লাগ-ইন
Red Hat Enterprise Linux 6.3 এ MySQL InnoDB সংৰক্ষণ ইঞ্জীনক AMD64 আৰু Intel 64 স্থাপত্যসমূহৰ বাবে এটা প্লাগ-ইন হিচাপে প্ৰদান কৰে। প্লাগিনে বিল্ট-ইন InnoDB সংৰক্ষণ ইঞ্জীনৰ তুলনাত অতিৰিক্ত বৈশিষ্টসমূহ আৰু ভাল পৰিৱেশন প্ৰদান কৰে।
OpenJDK 7
Red Hat Enterprise Linux 6.3 এ OpenJDK 7 ক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰে, সম্পূৰ্ণ-সমৰ্থিত OpenJDK 6 ৰ এটা বিকল্প হিচাপে।
নতুন Java 7 পেকেইজসমূহ
java-1.7.0-oracle আৰু java-1.7.0-ibm এতিয়া Red Hat Enterprise Linux 6.3 ত উপলব্ধ।
initscripts ৰ সহায়ত NIS ডমেইন নাম সংহতি কৰা
initscripts পেকেইজক ব্যৱহাৰকাৰীসমূহ দ্বাৰা NIS ডমেইন নাম সংহতি কৰাৰ অনুমতি দিবলে আপডেইট কৰা হৈছে। ইয়াক /etc/sysconfig/network নথিপত্ৰ, অথবা অন্য প্ৰাসংগিক সংৰূপ নথিপত্ৰসমূহত NISDOMAIN প্ৰাচল সংৰূপণ কৰি কৰা হয়।
logrotate ৰ বাবে ACL সমৰ্থন
পূৰ্বতে, যেতিয়া কিছুমান দলক ACL ৰ সহায়ত সকলো লগ অভিগম কৰা অনুমতি দিয়া আছিল, লগ ঘুৰাওতে এই ACL সমূহ আতৰাই দিয়া হৈছিল। Red Hat Enterprise Linux 6.3 ত, logrotate সঁজুলিয়ে ACLসমূহ সমৰ্থন কৰে, আৰু লগসমূহ যি ঘুৰোৱা হয় যিকোনো ACL সংহতি সংৰক্ষণ কৰে।
wacomcpl পেকেইজ স্খলিত
wacomcpl স্খলিত আৰু পেকেইজ সংহতিৰ পৰা আতৰোৱা হৈছে। wacomcpl পেকেইজে Wacom টেবলেট সংহতিসমূহৰ বাবে গ্ৰাফিকেল সংৰূপ প্ৰদান কৰিছিল। এই কাৰ্য্যকৰীতা এতিয়া GNOME নিয়ন্ত্ৰণ কেন্দ্ৰত অন্তৰ্ভুক্ত কৰা হৈছে।
NumPy পেকেইজ আপডেইট কৰা হৈছে
NumPy পেকেইজ যি যাদৃচ্ছিক ৰেকৰ্ডসমূহৰ ডাঙৰ বহু-পৰিসৰ এৰে সাল সলনি কৰিবলে ৰূপান্তৰিত, তাক সংস্কৰণ 1.4.1 লে আপডেইট কৰা হৈছে। এই আপডেইটেড সংস্কৰণে এই পৰিৱৰ্তনসমূহ অন্তৰ্ভুক্ত কৰে:
  • 0-d এৰেসমূহত কাৰ্য্য কৰি থাকোতে, numpy.max আৰু অন্য ফলনসমূহে কেৱল নিম্নলিখিত প্ৰাচলসমূহ গ্ৰহণ কৰে: axis=0, axis=-1, আৰু axis=None। বান্ধণৰ-বাহিৰ অক্ষ ব্যৱহাৰ কৰায় এটা বাগৰ ইংগিত দিয়ে, যাৰ বাবে NumPy এ এতিয়া এটা ত্ৰুটি দেখুৱায়।
  • axis > MAX_DIMS প্ৰাচল ধাৰ্য্য কৰা আৰু অনুমোদিত নহয়; NumPy এতিয়া এটা ত্ৰুটি দেখুৱায়, axis=None ধাৰ্য্য কৰোতে একেধৰণে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে।
Rsyslog মুখ্য সংস্কৰণ ৫ লে আপডেইট কৰা হৈছে
rsyslog পেকেইজক মূখ্য সংস্কৰণ ৫ লে উন্নত কৰা হৈছে। এই উন্নয়নে বিভিন্ন সম্প্ৰসাৰনসমূহ উন্মোচন কৰে আৰু কেইবাটাও বাগ ঠিক কৰে। নিম্নলিখিত হল আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ:
  • $HUPisRestart নিৰ্দেশ আতৰোৱা হৈছে আৰু এতিয়া সমৰ্থিত নহয়। পুনৰাম্ভ-ধৰণ HUP প্ৰক্ৰিয়াকৰণ সেয়েহে আৰু উপলব্ধ নহয়। এতিয়া, যেতিয়া SIGHUP সংকেত গ্ৰহণ কৰা হয়, আউটপুটসমূহ (বেছিৰভাগ ক্ষেত্ৰত লগ নথিপত্ৰসমূহ) কেৱল লগ ঘূৰ্ণন সমৰ্থনৰ বাবে পুনৰ-খোলা হয়।
  • স্পুল নথিপত্ৰসমূহৰ বিন্যাস (উদাহৰণস্বৰূপ, ডিস্ক-সহযোগিত শাৰীসমূহ) সলনি হৈছে। নতুন বিন্যাসলে যাবলে, স্পুল নথিপত্ৰসমূহ ড্ৰেইন কৰক, উদাহৰণস্বৰূপ, rsyslogd বন্ধ কৰি। তাৰ পিছত, Rsyslog উন্নয়নৰ সৈতে আগবাঢ়ক, আৰু rsyslogd পুনৰাম্ভ কৰক। এবাৰ উন্নয়ন হোৱাৰ পিছত, নতুন বিন্যাস স্বচালিতভাৱে ব্যৱহাৰ কৰা হয়।
  • যেতিয়া rsyslogd ডিমন ডিবাগ অৱস্থাত চলি আছিল (-d বিকল্প ব্যৱহাৰ কৰি), ই পুৰভূমিত চলিছিল। ইয়াক ঠিক কৰা হৈছে আৰু ডিমন এতিয়া ফৰ্ক আৰু পটভূমিত চলে, প্ৰত্যাশা কৰা দৰে।
Rsyslog ৰ এই সংস্কৰণত উন্মোচন কৰা পৰিৱৰ্তনসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, http://www.rsyslog.com/doc/v5compatibility.html চাওক।

পুনৰীক্ষণৰ ইতিহাস

Revision History
Revision 1-0Wed Jun 20 2012মাৰ্টিন পৰপ'চ
Red Hat Enterprise Linux 6.3 উন্মোচন টোকাসমূহৰ উন্মোচন
Revision 0-0Tue Apr 24 2012মাৰ্টিন পৰপ'চ
Red Hat Enterprise Linux 6.3 উন্মোচন টোকাসমূহৰ উন্মোচন